BREAKING

6/recent/ticker-posts

বঙাইগাঁৱত "স্বচ্ছতাই সেৱা" অভিযানৰ অধীনত চাইকেল সমদল : ক্ৰীড়া বিভাগ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ যুটীয়া উদ্যোগ

BONGAIGAON TIMES : BONGAIGAON : 22nd SEPTEMBER

যোৱা ১৪ছেপ্টেম্বৰ তাৰিখৰ পৰা বঙাইগাঁও জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগ, বঙাইগাঁও পৌৰসভা আৰু অভয়াপুৰী পৌৰসভাৰ অধীনত "স্বচ্ছতাই সেৱা" অভিযান চলি আছে। ইয়াৰ অধীনত জিলাখনৰ বিভিন্ন বিভাগেও চাফাই কাৰ্যসূচী, খেলা-ধূলা, বৃক্ষৰোপন আদি কাৰ্যসূচী ৰূপায়ণ কৰি আছে।


"স্বচ্ছতাই সেৱা" অভিযানৰ অধীনত বঙাইগাঁও জিলা ক্ৰীড়া বিভাগ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ যৌথ উদ্যোগত বঙাইগাঁও চহৰস্থিত চিলাৰায় ইন্দোৰ ষ্টেডিয়ামৰ সন্মুখৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। চাইকেল সমদলটি জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈ, বিদ্যালয়সমূহৰ পৰিদৰ্শক পল্লবী মেধি আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰাণী ৰাজবংশীয়ে উমৈহতীয়াভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে। চাইকেল সমদলটি চিলাৰায় ইন্দোৰ ষ্টেডিয়ামৰ পৰা জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সমীপলৈ যায় আৰু তাৰ পৰা পুনৰ চিলাৰায় ইন্দোৰ ষ্টেডিয়ামলৈ উভতি আহে।

চাইকেল সমদলটিত প্ৰায় ডেৰশ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই চাইকেল সমদলত জিলা ক্ৰীড়া বিভাগৰ সকলো শাৰীৰিক প্ৰশিক্ষকে সহযোগিতা কৰে।

Post a Comment

0 Comments