BREAKING

6/recent/ticker-posts

বঙাইগাঁও জিলাত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি : ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ

BONGAIGAON TIMES: BONGAIGAON : 19th SEPTEMBER 2024

বঙাইগাঁও জিলাত আজি অৰুণোদয় ৩.০ আঁচনিৰ সজাগতা তথা শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।বঙাইগাঁও জিলা সদৰৰ গান্ধী ময়দানত বঙাইগাঁও বিধানসভা সমষ্টিৰ অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠান ৰাতিপুৱা ১১-০০ বজাৰ পৰা অনুষ্ঠিত হয়।

Inaugural Ceremony of Orunodoi 3.0 at Bongaigaon

এই অনুষ্ঠানত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, জিলা আয়ুক্ত নবদ্বীপ পাঠক, জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস, ডাংতল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তাপসী দেৱনাথ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰশান্তি ভট্টাচাৰ্যকে আদিকৰি বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।

ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০ আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। লগতে ৰেচন কাৰ্ড প্ৰদানৰ শুভাৰম্ভণিও কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ভাষণ প্ৰসংগত তেওঁ অৰুণোদয় ৩.০ আঁচনিৰ অধীনত কোনে কোনে আঁচনিৰ লাভ পাব আৰু কেতিয়াৰ পৰা এই আঁচনিৰ আবেদন কৰিব পাৰিব আৰু কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব সেই বিষয়ে উল্লেখ কৰে। তেওঁৰ উক্ত ভাষণ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে বঙাইগাঁও গান্ধী ময়দানত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত হিতাধিকাৰীসকলৰ বাবে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়।

Inaugural Ceremony of Orunodoi 3.0 at Bongaigaon

ৰাজ্যিক অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ভাষণৰো পোনপটীয়া সম্প্ৰচাৰ কৰা হয় বঙাইগাঁও গান্ধী ময়দানত। এই অনুষ্ঠানত দুহেজাৰৰো অধিক হিতাধিকাৰীয়ে উপস্থিত থাকে।

জিলাখনৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ লগতে সৃজনগ্ৰাম আৰু অভয়াপুৰী বিধানসভা সমষ্টিতো অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

Inaugural Ceremony of Orunodoi 3.0 at Bongaigaon

অভয়াপুৰী সমষ্টিৰ অভয়াপুৰী গান্ধী ময়দানত আৰু সৃজনগ্ৰাম সমষ্টিৰ টাপাট্টাৰী উন্নয়ন খণ্ড চৌহদত ৰাজ্যিক পৰ্য্যায়ৰ অৰুণোদয় ৩.০ শুভাৰম্ভণি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। উক্ত অনুষ্ঠানত হিতাধিকাৰীসকল উপস্থিত থাকে।

Post a Comment

0 Comments