BREAKING

6/recent/ticker-posts

বঙাইগাঁৱত দুৰ্গাপূজা কমিটীৰ সৈতে প্ৰশাসনৰ সভা : বিভিন্ন নিৰ্দেশনা প্ৰদান

BONGAIGAON TIMES: BONGAIGAON : 22nd SEPTEMBER

আগন্তুক দুৰ্গাপূজা সুকলমে পাৰ কৰাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুৰ্গাপূজা কমিটীৰ বিষয়ববীয়াৰ লগত এখন সভাত মিলিত হয়। জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল, আৰক্ষী বিভাগৰ বিষয়াসকল আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Meeting organised by Bongaigaon District Administration with Durga Puja Committees of Bongaigaon

জিলা আয়ুক্ত নৱদ্বীপ পাঠকে জিলাখনত শান্তি-শৃংখলা বজাই ৰাখি দুৰ্গাপূজা উদযাপন কৰিবলৈ কমিটীৰ বিষয়ববীয়াক আহ্বান জনায় আৰু কিছুমান নীতি-নিৰ্দেশনা দিয়ে। তেওঁ কয় যে দুৰ্গাপূজা কমিটীয়ে পূজা উদযাপন কৰিবলৈ আগতীয়াকৈ অনুমতি ল'ব লাগিব। অহা ২৭ছেপ্টেম্বৰৰ ভিতৰত কমিটীবিলাকে অনুমতিৰ বাবে আবেদন কৰিব লাগিব আৰু ৩০ছেপ্টেম্বৰৰ ভিতৰত অনুমতিৰ কাম সমাপন কৰা হ'ব বুলি জিলা আয়ুক্ত শ্ৰী পাঠকে সভাত উল্লেখ কৰে। দুৰ্গাপূজাৰ মণ্ডপত অগ্নিনিৰ্বাপক সামগ্ৰী,পানী,বালি আদি ৰাখিবলৈ কোৱাৰ লগতে প্ৰয়োজনত জুই নুমোৱা গাড়ী পাৰ হ'ব পৰা ৰাস্তা ৰাখিবলৈও পূজাকমিটীসমূহক আহ্বান জনায় জিলা আয়ুক্ত শ্ৰী পাঠকে। আনহাতে পূজা মণ্ডপত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে মহিলা আৰু পুৰুষৰ সুকীয়া ব্যৱস্থা ৰাখিবলৈ আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহ'বলৈ পূজা মণ্ডপৰ আগফালে তথা পিছফালে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবলৈও জিলা আয়ুক্তগৰাকীয়ে পূজা কমিটীসমূহক নিৰ্দেশনা দিয়ে।

আনহাতে দুৰ্গাপূজাৰ মেলা সুকলমে চলাবলৈ স্বেচ্ছাসেৱক নিয়োগ কৰিবলৈ আৰু তেওঁলোকক প্ৰশিক্ষণ দি ল'বলৈও কয় শ্ৰী পাঠকে। আনহাতে জিলা প্ৰশাসনৰ বিষয়ববীয়া,জৰুৰী সেৱা,নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ পূজা মণ্ডপৰ সন্মুখত সকলোৱে দেখাকৈ স্পষ্টকৈ লিখি থ'বলৈ জিলা আয়ুক্তগৰাকীয়ে কমিটীসমূহক আহ্বান জনায়। তদুপৰি ৰাতিপুৱা ৮-০০ বজাৰ পৰা নিশা ১০-০০ বজাৰ বাহিৰে অন্য সময়ত লাউডস্পিকাৰ নবজাবলৈও কয় জিলা আয়ুক্ত শ্ৰী পাঠকে।ইয়াৰ উপৰিও বিজয়া দশমীৰ দিনা বিসৰ্জনৰ বাবে নিৰ্দিষ্ট কৰি দিয়া সময়ৰ ভিতৰত যেন পূজা কমিটীসমূহে দেৱী বিসৰ্জন দিয়ে তাৰ বাবেও আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে। ইয়াৰোপৰি পূজাথলীসমূহৰ পৰা নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে চিকিৎসাকৰ্মী নিয়োগ কৰিবলৈ যুটীয়া স্বাস্থ্য সঞ্চালকক কয় আৰু জৰুৰীকালীন চিকিৎসা সামগ্ৰীৰ ব্যৱস্থাও ৰাখিবলৈ তেওঁ যুটীয়া স্বাস্থ্য সঞ্চালকক আহ্বান জনায়।

আনহাতে আজিৰ সভাত আৰক্ষী অধীক্ষক মোহনলাল মীনাই দুৰ্গাপূজা কমিটীসমূহক পূজাথলীত আগফাল তথা পিছফাল সকলো দিশ কভাৰ কৰাকৈ চি চি টিভি কেমেৰা লগাবলৈ আহ্বান জনায়। আনহাতে যিসকল স্বেচ্ছাসেৱক পূজা কমিটীসমূহে নিযুক্ত কৰে তেওঁলোকৰ ফোন নম্বৰসমূহ সংশ্লিষ্ট এলেকাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক দিবলৈ কয় কমিটীসমূহক। তদুপৰি কিবা সন্দেহজনক বস্তু দেখা পালেই আৰক্ষীক অৱগত কৰিবলৈ কয় আৰক্ষী অধীক্ষকগৰাকীয়ে। তদুপৰি পূজাৰ কেইদিন পূজাথলীত যেন দিনে-ৰাতিয়ে পহৰাৰ ব্যৱস্থা কৰে কমিটীসমূহে তাৰ বাবেও আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ থাকে যে বঙাইগাঁও জিলাত প্ৰায় ডেৰশখন পূজা কমিটীয়ে দুৰ্গাপূজা উদযাপন কৰিব।

Post a Comment

0 Comments