BREAKING

6/recent/ticker-posts

বঙাইগাঁৱত বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ নৱনিৰ্মিত ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

BONGAIGAON TIMES: BONGAIGAON : 22nd SEPTEMBER

বঙাইগাঁও জিলাৰ দোলাইগাঁওত এক অনুষ্টুপীয়া কাৰ্যসূচীৰে বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ প্ৰমাপকৰ পৰীক্ষাগাৰ সংযোজিত নৱনিৰ্মিত সহ-নিয়ন্ত্ৰক তথা পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুমহলীয়া ভৱনটি উদ্বোধন কৰে খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

The newly Minister Ranjeet Kumar Das inaugurated the newly constructed two-storey building of the office of the Associate Controller

উক্ত কাৰ্যালয় ভৱনটোৰ নিৰ্মাণ ব্যয় ৫০লাখ টকা। অনুষ্ঠানত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী,খাদ্য,ৰাজহুৱা বিতৰণ,গ্ৰাহক পৰিক্ৰমা তথা বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু সচিব অনসূয়া দত্ত বৰুৱা উপস্থিত থাকে।

অনুষ্ঠানত বঙাইগাঁও জিলাৰ খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক তপন দত্ত,জিলাখনৰ পেট্ৰল পাম্প মালিক সন্থাৰ সভাপতি-সম্পাদক,ব্যৱসায়ীক সন্থাৰ প্ৰতিনিধি আৰু বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ বিভিন্ন বিষয়ববীয়াও উপস্থিত থাকে।

Post a Comment

0 Comments