BREAKING

6/recent/ticker-posts

১৫ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ বাবে বঙাইগাঁৱত যান-বাহনৰ ব্যৱস্থা প্ৰশাসনৰ

BONGAIGAON TIMES : BONGAIGAON : 13th SEPTEMBER 2024

বঙাইগাঁও জিলাত অহা ১৫ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। জিলাখনৰ বঙাইগাঁও চহৰ তথা গ্ৰাম্যাঞ্চলকে ধৰি মুঠ ৩৭টা পৰীক্ষা কেন্দ্ৰলৈ প্ৰাৰ্থীসকলে যোৱাৰ সুবিধাৰ্থে জিলাখনৰ ৭খন বাছ, মেজিক, মেক্সিমো, টেম্প, অটোৰিক্সা, ই-ৰিক্সা, মাৰুতি ভেন, ৰাজ্যিক পৰিবহণ নিগমৰ বাছকে ধৰি সকলো বাণিজ্যিক গাড়ী ১৫ছেপ্টেম্বৰৰ দিনা নিৰ্দিষ্ট কৰি দিয়া স্থানৰ পৰা পৰ্যাপ্তভাৱে চলাচল কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

transportation arrangement by bongaigaon district administration for the candidates appearing for grade-III and IV ADRE examination

আজি এই সন্দৰ্ভত বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ডিম্পী গগৈৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সহকাৰী আয়ুক্ত গোলাম সাৰোৱাৰ হুছেইন,বঙাইগাঁও জিলাৰ নৱনিযুক্ত জিলা পৰিবহন বিষয়া কৈতব্যজিত বুঢ়াগোহাঁই, কোকৰাঝাৰস্থিত পৰিবহন বিভাগৰ যুটীয়া আয়ুক্ত দীপজ্যোতি চক্ৰৱৰ্তী, এনফৰ্চমেণ্ট পৰিদৰ্শক গুনেশ্বৰ বেজবৰুৱা, যান-বাহন পৰিদৰ্শক নুৰজাহান পেগুৰ উপস্থিতিত জিলাখনৰ বাছ , মেজিক, টেম্প, অটোৰিক্সা, ই-ৰিক্সা, মাৰুতি ভেন, মেক্সিমো আদি গাড়ীৰ মালিক সন্থাৰ বিষয়ববীয়াৰ লগত এখন সভা অনুষ্ঠিত কৰা হয় আৰু পৰীক্ষাৰ দিনা গাড়ী চলোৱা সময়ত কোনো গাড়ী চালকে যাতে অত্যধিক ভাড়া দাবী কৰি প্ৰাৰ্থীসকলক হাৰাশাস্তি নকৰে তাক নিশ্চিত কৰিবলৈ মালিক সন্থাক অনুৰোধ জনোৱা হয়।

গাড়ীসমূহ দহ মিনিটৰ মূৰে মূৰেই যেন উপলব্ধ হয় তাৰ বাবেও নিৰ্দেশনা দিয়া হয়। দুৰণিবটীয়া ঠাইৰ ক্ষেত্ৰত যেনে বঙাইগাঁও চহৰৰ পৰা মাণিকপুৰ যাবলৈ বাছ ব্যৱহাৰ কৰা হ'ব।

আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত ডিম্পী গগৈৰ লগতে অন্যান্য বিষয়াসকলে অহা ১৫ছেপ্টেম্বৰ তাৰিখৰ লিখিত পৰীক্ষাৰ দিনা যাতায়াতৰ ক্ষেত্ৰত কোনো অসুবিধা বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ যাতে সুকলমে গাড়ীসমূহ চলায় তাৰ বাবে মালিক সন্থাক অনুৰোধ জনায়।

Post a Comment

0 Comments