আগন্তুক মাঘ বিহু,নৱবৰ্ষ তথা বনভোজৰ বতৰত পথ দুৰ্ঘটনা ৰোধৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে এই ক্ষেত্ৰত জিলাখনৰ চক্ৰ বিষয়া তথা সহকাৰী আয়ুক্তসকলৰ নেতৃত্বত এলেকা নিৰ্দিষ্ট কৰি জিলা পৰ্যায়ৰ কৰ্ম বাহিনী গঠন কৰি দিছে।
সেইমৰ্মে অভয়াপুৰী এলেকাৰ বাবে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়ন্ত কুমাৰ চক্ৰৱৰ্তী (৮৪৭৪৮৪৮৮৪৫) আৰু সহকাৰী আয়ুক্ত প্ৰশান্ত বৰা (৯৩৬৫৯৭৮৪৩১)ৰ নেতৃত্বত আৰু তেওঁলোকৰ লগত আবকাৰী, আৰক্ষী আৰু পৰিবহন বিভাগৰ বিষয়ববীয়া দি দল গঠন কৰি দিছে। মাণিকপুৰ অঞ্চলৰ বাবে সহকাৰী আয়ুক্ত য়ামবেম আনন্দ সিনহা (৯৭১৭৯৮৫৮৪৫) আৰু চম্পক নাথ (৮৮৭৬৬০১০৭৬) ৰ নেতৃত্বত, বঙাইগাঁও এলেকাৰ বাবে সহকাৰী আয়ুক্ত গোলাম সাৰোৱাৰ হুছেইন (৮০১১৫৯৩৬০১) আৰু অন্তু বৰদলৈ (৯০৮৫৬০৯৭৫১)ৰ নেতৃত্বত আৰু যোগীঘোপা অঞ্চলৰ বাবে বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৈলেন দত্ত (৮৬৩৮৩৮৭৩৭৩) আৰু সহকাৰী আয়ুক্ত অনুপম দাস (৮৭৬১০৪৭২৭৭)ৰ নেতৃত্বত আৰু তেওঁলোকৰ লগত আবকাৰী, আৰক্ষী আৰু পৰিবহন বিভাগৰ বিষয়ববীয়া দি দল গঠন কৰি দিছে। এই দলসমূহে সংশ্লিষ্ট এলেকাত বনভোজ, নৱবৰ্ষ আৰু মাঘ বিহু উদযাপনৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ আৰু অন্যান্য পথত মদ্যপান কৰি বা বেপৰোৱাভাৱে বা দ্ৰুত গতিত গাড়ী চলিব নোৱাৰে সেই ক্ষেত্ৰত নজৰ ৰাখিব যাতে উৎসৱৰ বতৰত কোনো লোকে দুৰ্ঘটনাত পতিত নহয়।
তদুপৰি এই দলসমূহে চাব যে কোনো ই-ৰিক্সা যাতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত চলাচল কৰিব নোৱাৰে, কৃষি কাৰ্যৰ বাহিৰে আন কাৰণত কোনো ট্ৰেক্টৰ যাতে ৰাতিপুৱা ৮-৩০ বজাৰ পৰা নিশা ৮-৩০ বজালৈ প্ৰধান পথত নচলে আৰু যান-বাহন চলোৱা নিয়মাৱলী যাতে কোনোৱে উলংঘা নকৰে। যাতে কোনো ডাম্পাৰ, ট্ৰেক্টৰ আৰু আন চাৰিচকীয়া গাড়ী পিছফালৰ লাইট নোহোৱাকৈ চলিব নোৱাৰে আৰু গাড়ী চলোৱা অনুজ্ঞাপত্ৰ নোহোৱাকৈ আৰু হেলমেট নিপিন্ধাকৈ বা চীট বেল্ট নমৰাকৈ গাড়ী চলাব নোৱাৰে সেয়াও নজৰত ৰাখিব এই কৰ্ম বাহিনীয়ে। আনহাতে এই কৰ্ম বাহিনীয়ে ঠায়ে ঠায়ে ঘাইপথৰ কাষত থকা ধাবাসমূহ পৰিদৰ্শন কৰিব ধাবাসমূহ নিয়ম অনুসৰি চলোৱা হৈছে নে নাই আৰু বনভোজ থলীসমূহো পৰিদৰ্শন কৰিব যাতে তাত অবৈধভাৱে বিলাতী সুৰা বা দেশীয় সুৰা বিক্ৰী কৰিব নোৱাৰে।উক্ত নিয়মাৱলী উলংঘা কৰিলে তৎকালীনভাৱে ব্যৱস্থা ল'বলৈও জিলা পৰ্যায়ৰ কৰ্ম বাহিনীক নিৰ্দেশনা দিয়া হৈছে।
ওপৰোক্ত অভিযানসমূহ কৰ্ম বাহিনীয়ে ২০২৫ বৰ্ষৰ ৩১জানুৱাৰী পৰ্যন্ত চলাব। এই অভিযান সন্দৰ্ভত কৰ্ম বাহিনীয়ে দৈনিক জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকক প্ৰতিবেদন দাখিল কৰিব।

0 Comments
Please do not enter any Spam Link in the comment box.