বঙাইগাঁও জিলাৰ ডাংতল উন্নয়ন খণ্ডৰ অন্তৰ্গত চাপৰাকাটা গাঁও-পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত যোৱাকালি জিলা আয়ুক্ত নৱদ্বীপ পাঠকে এটি মহিলা সমল কেন্দ্ৰ (Gender Resource Centre) উদ্বোধন কৰে।
মহিলাৰ প্ৰতি ঘৰুৱা হিংসা, অন্যায়, লিংগ বৈষম্য আদি দিশত প্ৰয়োজনীয় সহায়, পৰামৰ্শ আৰু সমৰ্থন দি মহিলাসকলক সুৰক্ষিত কৰিবৰ বাবে এই মহিলা সমল কেন্দ্ৰই কাম কৰিব। ভিতৰুৱা অঞ্চলৰ মহিলা যিসকলে নিজে বলি হোৱা শোষণ-নিষ্পেষণৰ বিৰুদ্ধে কেনেদৰে, ক'ত, কাৰ সহায় ল'ব পাৰিব তাৰ বিষয়ে পৰামৰ্শ, আইনী সহায় আদিৰ ক্ষেত্ৰত মহিলা সমল কেন্দ্ৰই কাম কৰিব। আৰ্থিক দিশত আত্মনিৰ্ভৰশীল হ'বলৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত মহিলাসকলক আত্ম-সহায়ক গোট সৃষ্টি কৰি আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াসৰ পিছত ইয়াৰ অধীনত সামাজিক ন্যায় আৰু সৱলীকৰণৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে যোৱাকালি আন দহটা উন্নয়ন খণ্ডত কৰাৰ দৰে বঙাইগাঁও জিলাৰ ডাংতল উন্নয়ন খণ্ডতো এটি মহিলা সমল কেন্দ্ৰ মুকলি কৰাৰ পদক্ষেপ লয়।
যোৱাকালি এই মহিলা সমল কেন্দ্ৰ উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্ত নৱদ্বীপ পাঠকে কয় যে ডাংতল উন্নয়ন খণ্ডত মুকলি কৰা মহিলা সমল কেন্দ্ৰই নিশ্চয় মহিলাক সামাজিক আৰু আইনী সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ফলপ্ৰসূ উদ্যোগ ল'ব। তেওঁ আৰু কয় যে মহিলাসকল এই ক্ষেত্ৰত আগবাঢ়ি আহি সুবিধাসমূহ গ্ৰহণ কৰিব লাগিব। আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে পৰৱৰ্তী সময়ত মহিলা সমল কেন্দ্ৰক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব বুলিও তেওঁ উল্লেখ কৰে।
অনুষ্ঠানত বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহয়ো বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক প্ল'ৰাজ মুছাহাৰীয়ে। অনুষ্ঠানৰ আঁত ধৰে খণ্ড প্ৰকল্প প্ৰৱন্ধক ধৰ্মেন্দ্ৰ বড়োৱে।
অনুষ্ঠানত ডাংতল উন্নয়ন খণ্ডৰ বিষয়া তাপসী দেৱনাথ, বীৰঝৰা চাহ বাগিচাৰ মেনেজাৰ, উন্নয়ন খণ্ডটোৰ গাঁও-পঞ্চায়তসমূহৰ প্ৰাক্তন সভাপতি তথা সভানেত্ৰীসকল, আই মণ্ডল সংগঠনৰ মহিলাসকল আৰু অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
0 Comments
Please do not enter any Spam Link in the comment box.