১৯৬৪চনত স্থাপন হোৱা বঙাইগাঁও কলেজৰ হীৰক জয়ন্তী উদযাপনৰ স্মৃতিত যোৱা ৩০ নৱেম্বৰ তাৰিখে মহাবিদ্যালয় প্রেক্ষাগৃহত হীৰক জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত "ভবিষ্যতে কৃত্রিম বুদ্ধিমত্তাই (এ.আই.) মানব শ্রম দখল কৰিব" শীর্ষক বিষয়ত সদৌ অসম ভিত্তিত তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়।
বঙাইগাঁও কলেজৰ অধ্যক্ষ ড° দীনেশ দাসে আদৰণি ভাষণ ৰখা অনুষ্ঠানটোৰ অধ্যক্ষতা কৰে বঙাইগাঁও কলেজৰ অর্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক প্রদীপ কুমাৰ গোস্বামীয়ে আৰু বিচাৰক হিচাপে উপস্থিত থাকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পৰাগ কুমাৰ বৰ্মন, বঙাইগাঁও কলেজৰ সহকাৰী অধ্যাপক ড° ৰিপুঞ্জয় বেজবৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ তার্কিক মুন তালুকদাৰে।
গুৱাহাটী বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়কে ধৰি অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ২৪ গৰাকী প্ৰতিযোগীযে অংশগ্রহণ কৰা প্রতিযোগিতাখনত শ্রেষ্ঠ তার্কিক হিচাপে নির্বাচিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমুদ্র বৈশ্যই আনহাতে প্ৰথম পুৰস্কাৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, দ্বিতীয় পুৰস্কাৰ গুৱাহাটী বিশ্ববিদ্যালয় আৰু তৃতীয় পুৰস্কাৰ বঙাইগাঁও মহাবিদ্যালয়ে লাভ কৰে।
0 Comments
Please do not enter any Spam Link in the comment box.