BREAKING

6/recent/ticker-posts

ভোগালী বিহুৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁৱত মাছৰ মূল্য নিৰ্ধাৰণ

BONGAIGAON TIMES: BONGAIGAON : 12 JANUARY 2025

মীন বিভাগৰ নিৰ্দেশনা অনুসৰি আৰু জিলা মীন বিষয়াৰ প্ৰস্তাৱ অনুসৰি বঙাইগাঁও জিলা প্ৰশাসনৰ দ্বাৰা সংশ্লিষ্ট বিষয়ববীয়া,লেছী আৰু পাইকাৰী মাছ ব্যৱসায়ীৰ লগত আলোচনামৰ্মে ভোগালী বিহু উপলক্ষ্যে জিলাখনৰ এলেকাৰ বাবে মাছৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। স্থানীয়ভাৱে উপলব্ধ বিভিন্ন মাছৰ ওজন অনুসৰি সৰ্বোচ্চ খুচুৰা দাম নিৰ্ধাৰণ কৰি দিছে বঙাইগাঁও জিলা প্ৰশাসনে।

The maximum retail prices of local fish for the Bongaigaon district have been finalized by District administration

সেই অনুসৰি ৰৌ,কাটলা,মিৰিকা আদি ভাৰতীয় প্ৰধান কাৰ্প-জাতীয় মাছৰ এক কিলোগ্ৰামতকৈ কম ওজনৰ মাছৰ দাম ৩০০/টকাকৈ,এক কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৪৫০/টকাকৈ,দুই কিলোগ্ৰামৰ পৰা তিনি কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৫০০/টকাকৈ আৰু তিনি কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৬৫০/টকাৰ পৰা ৭০০/ টকা আৰু পাঁচ কিলোগ্ৰামতকৈ অধিক ওজনৰ মাছৰ দাম ৮০০/ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে চিলভাৰ কাৰ্প,গ্ৰাছ কাৰ্প,কমন কাৰ্প,জাভা পুঠি আদি মাছৰ এক কিলোগ্ৰামতকৈ কম ওজনৰ মাছৰ দাম ২০০/টকা,এক কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৩০০/টকা,দুই কিলোগ্ৰামৰ পৰা তিনি কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৪০০/টকা,তিনি কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৪৫০/টকাৰ পৰা ৫০০/টকা আৰু পাঁচ কিলোগ্ৰামতকৈ বেছি ওজনৰ মাছৰ দাম ৬০০/টকা নিৰ্ধাৰণ কৰা হৈছে।

কুঢ়ী, কলা ৰৌ,বাটা আদি মাছৰ এক কিলোগ্ৰামতকৈ কম ওজনৰ মাছৰ দাম ২০০/টকা,এক কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৩০০/টকা,দুই কিলোগ্ৰামৰ পৰা তিনি কিলোগ্ৰামৰ মাছৰ দাম ৪০০/টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

চিতল মাছৰ দাম এক কিলোগ্ৰামতকৈ কম ওজনৰ মাছৰ দাম ৪০০/টকা,এক কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৫০০/টকাৰ পৰা ৬০০/টকা,দুই কিলোগ্ৰামৰ পৰা তিনি কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৬৫০/টকাৰ পৰা ৭০০/টকাকৈ,তিনি কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৮০০/টকা আৰু পাঁচ কিলোগ্ৰামতকৈ অধিক ওজনৰ মাছৰ দাম ৮৫০/টকাৰ পৰা ৯০০/টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

আৰি মাছৰ এক কিলোগ্ৰামতকৈ কম ওজনৰ মাছৰ দাম ৫০০/টকাকৈ,এক কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৬০০/টকা,দুই কিলোগ্ৰামৰ পৰা তিনি কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৭০০/টকা,তিনি কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৭৫০/টকা আৰু পাঁচ কিলোগ্ৰামতকৈ অধিক ওজনৰ আৰি মাছৰ দাম ৮০০/টকাৰ পৰা ৯০০/টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

ব'ৰালী মাছৰ এক কিলোগ্ৰামতকৈ কম ওজনৰ মাছৰ দাম ৪০০/টকা,এক কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৫০০/টকা,দুই কিলোগ্ৰামৰ পৰা তিনি কিলোগ্ৰাম ওজনৰ ব'ৰালী মাছৰ দাম ৬০০/টকা,তিনি কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰাম ওজনৰ ব'ৰালী মাছৰ দাম ৭০০/টকা আৰু পাঁচ কিলোগ্ৰামতকৈ অধিক ওজনৰ ব'ৰালী মাছৰ দাম ৮০০/টকাৰ পৰা ৯০০/টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

মাগুৰ আৰু শিঙি মাছৰ প্ৰতি কিলোগ্ৰামৰ দাম ৮০০/টকাৰ পৰা ৯০০/টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

কাৱৈ,শ'ল,শাল,কান্ধুলি মাছৰ এক কিলোগ্ৰামতকৈ কম ওজনৰ মাছৰ দাম ৭৫০/টকা আৰু এক কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৮০০/টকা নিৰ্ধাৰণ কৰা হৈছে।

চেং,গৰৈ আদি মাছৰ প্ৰতি কিলোগ্ৰামত ৩০০/টকা নিৰ্ধাৰণ কৰা হৈছে।

কুছিয়া,তুৰি,বামী মাছৰ এক কিলোগ্ৰামতকৈ কম ওজনৰ মাছৰ দাম ৪০০/টকা আৰু এক কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজনৰ মাছৰ দাম ৬০০/টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

তদুপৰি অন্যান্য সৰু মাছ যেনে মোৱা,পুঠি আদি মাছৰ প্ৰতি কিলোগ্ৰামৰ দাম ৩০০/টকাৰ পৰা ৩৫০/টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

এই নিৰ্দেশনা তৎকালীনভাৱে বলবৎ হ'ব।

Office Order:


Post a Comment

0 Comments